অসম

assam

ETV Bharat / state

বিৰোধীৰ চৰ্চাত হিমন্তৰ জিংগালালা নৃত্য

সম্প্ৰতি সমগ্ৰ ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যই । সমান্তৰালকৈ বিৰোধীৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নৃত্যই ৷ বিৰোধীৰ চৰ্চাতো কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যৰ প্ৰসঙ্গ ৷

By

Published : Apr 8, 2019, 5:53 PM IST

বিৰোধীৰ চৰ্চাত হিমন্তৰ জিংগালালা নৃত্য

ওদালগুৰি,8 এপ্ৰিল: "হিমন্ত বিশ্বই জিংগালালা নৃত্য কৰে ৷ এই নৃত্যৰ কৰিঅ'গ্ৰাফাৰো খোদ হিমন্তই ৷" ওদালগুৰিত ভূৱনেশ্বৰ কলিতাৰ ৰ'ড শ্ব'ত অংশ গ্ৰহণ কৰি এই মন্তব্য দূৰ্গা দাস বড়োৰ ৷ ইমানেই নহয়, এইবাৰ অগপ-বি পি এফেও কংগ্ৰেছক ভোট দিব দিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দূৰ্গা দাস বড়োই ৷

সম্প্ৰতি সমগ্ৰ ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যই । সমান্তৰালকৈ বিৰোধীৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নৃত্যই ৷ বিৰোধীৰ চৰ্চাতো কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ সেয়েহে সংবাদমাধ্যমৰ আগত হিমন্তৰ নৃত্যক জিংগালালা নৃত্য বুলি আখ্যা দি এই নৃত্যৰ কৰিঅ'গ্ৰাফাৰ খোদ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰে দূৰ্গা দাস বড়োই ৷ আনহাতে দূৰ্গা দাস বড়োই মিত্ৰদলৰ বিশেষকৈ অগপ আৰু বি পি এফৰ বহু সদস্যই কংগ্ৰেছকেই ভোট দিব বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তদুপৰি সাংবাদিকৰ প্ৰশ্নত ভূৱনেশ্বৰ কলিতাই নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰি সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ।

বিৰোধীৰ চৰ্চাত হিমন্তৰ জিংগালালা নৃত্য

আজি ওদালগুৰি চহৰত জিলা কংগ্ৰেছৰ উদ্যোগত ভূৱনেশ্বৰ কলিতাক লৈ এক ৰ'ড শ্ব' অংশ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দূৰ্গা দাস বড়োই ৷ ৰ'ড শ্ব'ত মুখপাত্ৰগৰাকীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই সংগ দিয়ে ভুৱনেশ্বৰ কলিতাক ।

ABOUT THE AUTHOR

...view details