ওদালগুৰি, 25জুন : ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ ধৰা পৰিছে কোভিড- ১৯ৰ উপস্থিতি । ইতিমধ্যে কন্টেইন্টমেন জ'ন হিচাপে ঘোষণা কৰা হৈছে উপায়ুক্তৰ বাংলোটো ৷
প্ৰথম বাৰৰ বাবে ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ পজিটিভ । ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া ক'ভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে । উপায়ুক্তজন পূৰ্বে আক্ৰান্ত হোৱা এন এইছ এম কৰ্মচাৰী অমু শইকীয়াৰ লগতে আন কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছিল ৷ ইয়াৰ পিছতে শনিবাৰে স্বাৱ সংগ্ৰহ কৰা হৈছিল উপায়ুক্তজনৰ । স্বাৱ সংগ্ৰহ কৰাৰ পিছৰে পৰা ওদালগুৰিৰ উপায়ুক্তৰ আৱাসত হোম কোৱাৰেন্টেইনত আছিল উপায়ুক্ত গাৰকী । শনিবাৰৰ স্বাৱ পৰীক্ষাৰ ফলাফল অহাত পলম হোৱাত কালি পুনৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল উপায়ুক্তজনৰ । বুধবাৰে কৰা পৰীক্ষাত ফলাফল পজিটিভ আহে উপায়ুক্তজনৰ । উপায়ুক্ত জনৰ ফলাফল পজিটিভ অহাৰ পিছতে কন্টেইন্টমেন জন হিচাপে ঘোষণা কৰা হৈছে উপায়ুক্তৰ বাংলোটো ।