অসম

assam

ETV Bharat / state

ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন - ওদালগুৰিৰ ৰেল ষ্টেচন

ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন ৷ নিহত লোকজন ওদালগুৰিৰ ৰেল ষ্টেচনৰ সমীপৰ বাবুল শ্বাহ বুলি চিনাক্ত কৰা হৈছে । পৰিয়ালৰ লোকে জনোৱা মতে কালি নিশাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷

ওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত এজন

By

Published : Oct 19, 2019, 4:55 PM IST

ওদালগুৰি, 19 অক্টোবৰঃওদালগুৰিত ৰেলৰ খুণ্ডাত নিহত হয় এজন লোক ৷ ওদালগুৰি ৰেল ষ্টেচনৰ প্ৰায় ১ কিঃমিঃ আতৰত থকা গলণ্ডী শ্মশানৰ কাষৰ ৰেল লাইনৰ ওপৰত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ মৃতদেহটো ওদালগুৰিৰ ৰেল ষ্টেচনৰ সমীপৰ বাবুল শ্বাহ নামৰ লোক জনৰ বুলি চিনাক্ত কৰা হৈছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে কালি নিশাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷ লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও নিশা ৰেলৰ খুণ্ডাত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ৰেলৰ খুণ্ডাত নিহত বাবুল শ্বাহ

সম্প্ৰতি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details