অসম

assam

ওদালগুৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

By

Published : Oct 24, 2019, 10:10 AM IST

Updated : Oct 24, 2019, 6:09 PM IST

ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ছাগলীঝাৰত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ হাতীৰ জাকৰ মাজতে হোৱা কাজিয়াৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ ৷ যোৱা নিশা প্ৰায় 150 টা হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰিছিল গাঁৱখনত ৷

ওদালগুৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ওদালগুৰি, 24 অক্টোবৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পুনৰ মৃত্যু এটা বনৰীয়া হাতীৰ। জিলাখনৰ সীমান্তৱৰ্তী অঞ্চল ছাগলীঝাৰত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ বুধবাৰে নিশা প্ৰায় 8.30 মান বজাত প্ৰায় ডেৰশটা হাতীৰ এটা বৃহৎ জাকে গাঁৱখনত প্ৰৱেশ কৰি খেতি পথাৰ সমূহ তহিলং কৰাৰ লগতে যথেষ্ট উপদ্ৰৱ চলায় । জানিব পৰা মতে, নিশা হাতীৰ জাকটোৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড কাজিয়া। অৱশেষত বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত এটা 8-10 বছৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে। হাতীৰ জাকটোৰ মাজত হোৱা সংঘাতৰ ফলতেই হাতীৰ পোৱালীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।

ছাগলীঝাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

পিচত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্তৰ আৰম্ভ কৰাৰ লগতে হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে,হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা জিলাখনত চলিত বৰ্ষটোত হাতীৰ আক্ৰমণত বৰ্তমানলৈকে 18 জনকৈ লোক নিহত হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত মৃত্যু হৈছে 5 টাকৈ বনৰীয়া হাতী। ইপিনে 2018 বৰ্ষত গাঁওখনত তিনি জনকৈ লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালগীয়া হৈছিল ।

Last Updated : Oct 24, 2019, 6:09 PM IST

ABOUT THE AUTHOR

...view details