ওদালগুৰি, 16 জুন: ভাৰত -ভূটান সীমান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শনিবাৰে নিশা ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ দেউচুঙাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় কৃষ্ণ বৰ্মন নামৰ এগৰাকী লোকৰ ৷ জানিব পৰা মতে, নিশা প্ৰায় 11 বজাত এটা বন্যহস্তীয়ে গাঁওখনত প্ৰবেশ কৰাত হাতী খেদিবলৈ ওলাই আহিছিল লোকজন ৷ কিন্তু হাতীটোৱে খেদি যোৱাত হাতীটোৰ গচকত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় লোকজনে ।
ওদালগুৰিৰ ভেৰগাঁৱত হাতীৰ গচকত প্ৰাণ গ'ল এজনৰ - ভাৰত -ভূটান সীমান্ত
নিশা প্ৰায় 11 বজাত এটা বন্যহস্তীয়ে গাঁওখনত প্ৰবেশ কৰাত হাতী খেদিবলৈ ওলাই আহিছিল লোকজন ৷ কিন্তু হাতীটোৱে খেদি যোৱাত হাতীটোৰ গচকত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় লোকজনে ।
ওদালগুৰিৰ ভেৰগাঁৱত হাতীৰ গচকত প্ৰাণ গ'ল এজনৰ
এতিয়া এই সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰাৰ লগতে ঘটনা সংঘটিত হোৱা কেইবা ঘণ্টা পিছতো বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ উল্লেখ্য যে এই বৰ্ষতে হাতীৰ আক্ৰমণত ওদালগুৰি জিলাত মৃত্যু হৈছে 9জনকৈ লোকৰ ৷