ওদালগুৰি, 19 এপ্ৰিলঃ সুকলমে সম্পন্ন হ’ল মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ জিলাখনৰ ৩ টা বিধানসভা সমষ্টিৰ মুঠ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন হৈছিল যদিও কোনো কোনো ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে কিছু পলমকৈ সম্পন্ন হৈছিল ভোট গ্ৰহণ ৷
ওদালগুৰিত সুকলমে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ - mangaldoi lok sabha constituency
ইভিএমৰ বিসংগতিৰ বাবে কোনো কোনো কেন্দ্ৰত পলমকৈ সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া
![ওদালগুৰিত সুকলমে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3044427-thumbnail-3x2-accident.jpg)
etv bharat
ওদালগুৰিত সুকলমে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
জিলা নিৰ্বাচনী বিভাগৰ পৰা পোৱা তথ্য অনুসৰি সন্ধিয়া প্ৰায় সাত বজালৈকে জিলাখনৰ ওদালগুৰি সমষ্টিত ৭৮.৬%, মাজবাটত ৭৭.৬১% আৰু পানেৰীত ৭৭% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচতেই ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা Strong Roomত জমা থোৱা হয় ইভিএম সমূহ ৷