ওদালগুৰি, 26 জুনঃ এন আৰ চিৰ অতিৰিক্ত খচৰা প্ৰকাশ হোৱা দিনটোতে ওদালগুৰিত সংঘটিত হ'ল এক ভয়ানক ঘটনা । জিলা খনৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত হাবিগাঁও এন আৰ চি সেৱা কেন্দ্ৰত বায়োমেট্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবদ ছাজিদা বেগম নামৰ এগৰাকী মহিলাৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত হৈছে কৰ্মচাৰী এজনৰ বিৰুদ্ধে । কেমেৰাত বন্দি হোৱা এক অসম্পাদিত ভিডিঅ'
NRCৰ বায়'মেট্ৰিক টেষ্টৰ নামত প্ৰকৃততে কি চলিছে ? - উৎকোচ দাবীৰ অভিযোগ
এনআৰচিৰ বায়'মেট্ৰিক টেষ্টৰ নামত ওদালগুৰিত উৎকোচ দাবীৰ অভিযোগ ৷ ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল ছাজিদা বেগম নামৰ মহিলাৰ ৷ প্ৰেম কুমাৰ বসুমতাৰী নামৰ এন আৰ চি বিষয়াজনে ৮০০ টকা দাবী কৰাৰ বুলি এজাহাৰত উল্লেখ মহিলা গৰাকীৰ ।
উল্লেখ্য যে, বায়মেট্ৰিক প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত তাত কৰ্তব্যৰত কৰ্মচাৰী প্ৰেম কুমাৰ বসুমতাৰীয়ে মহিলা গৰাকীৰ পৰা বায়'মেট্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবদ ৮০০ টকা বিচাৰে । কিন্তু টকাখিনি দিবলৈ অমান্তি হোৱাত কৰ্মচাৰীগৰাকীয়ে ভুক্তভোগীগৰাকীক এনআৰচি সেৱা কেন্দ্ৰ ভিতৰতে অশ্লীল গালি দি বাহিৰ কৰি দিয়ে। এন আৰ চিৰ কৰ্মচাৰী জনে মহিলাগৰাকীৰ বায়'মেট্ৰিক পত্ৰখন ছিঙি পেলোৱা বুলিও এজাহাৰখনত ভুক্তভোগীয়ে উল্লেখ কৰে। মহিলা গৰাকীয়ে এজাহাৰ দাখিল কৰাৰ লগে লগে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ওৰাং আৰক্ষীয়ে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ সবিশেষ।