ৰৌতা,৫ ছেপ্টেম্বৰ:পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ওদালগুৰি জিলাত প্ৰাপ্যৰ দাবীত আন্দোলন বহিল অনা-শিক্ষক কৰ্মচাৰী । চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ কৰি নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু ভাট্টা প্ৰদানৰ দাবী অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ । ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ অসমৰ ৩৩ খন প্ৰাদেশীকৃত স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য ভাট্টা নিয়মীয়া হাৰত প্ৰদানৰ দাবীত তিনিদিনীয়া কৰ্মবিৰতি পালনৰ সিদ্ধান্ত লৈছে স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কৰ্মচাৰীসকলে ।
উল্লেখ্য যে, প্ৰাদেশীকৃত হোৱাৰ পিচত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ এইসকল অনা-শিক্ষক কৰ্মচাৰীয়ে আজি পৰ্যন্ত নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত পোৱা নাই কোনো সা-সুবিধা তথা দৰমহা । অনা-শিক্ষক কৰ্মচাৰীক বিভিন্ন সা-সুবিধাৰ পৰা চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীসকলে । নিয়মীয়া কৰ্মচাৰীসকলে পোৱা সা-সুবিধাসমূহ দিয়াৰ পৰিৱৰ্তে প্ৰাদেশিকীকৃত স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলক ফিক্স পে’ পদ্ধতিৰে দৰমহা প্ৰদান কৰি আছে চৰকাৰে । যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে এতিয়া ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ ।