আজি গোৰ্খাসকলৰ ভাতৃ দ্বিতীয়াঃ উখল-মাখল ওদালগুৰি
গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱ হিচাপে তিহাৰ উৎসৱৰ আজি অন্তিম দিন। এই দিনটো ভাতৃদ্বিতীয়া হিচাপে পালন কৰে জনগোষ্ঠীটোৱে ।
ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দিয়াৰ দৃশ্য
ওদালুগুৰি, 29 অক্টোবৰঃগোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱ হিচাপে পৰিচিত তিহাৰ উৎসৱৰ আজি অন্তিম দিন। এই অন্তিম দিনটো ভাতৃদ্বিতীয়া হিচাপে পালন কৰে জনগোষ্ঠীটোৱে । ৫ দিনীয়া তিহাৰ উৎসৱৰ অন্তিম দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মংগল কামনা কৰি পালন কৰে ভাতৃ দ্বিতীয়া। এই সন্দৰ্ভত ওদালগুৰিৰ দেওচুঙা গাঁৱৰ পৰা আমাৰ সাংবাদিক ধনদীপ বৰাৰ এক প্ৰতিবেদন...