ওদালগুৰি, 9 মাৰ্চ :অৱশেষত আনুষ্ঠানিকভাৱে সমাপ্তি ঘটিল এন ডি এফ বিৰ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ । সোমবাৰে ওদালগুৰিৰ সোণাইগাঁওস্থিত এনডিএফবি ৰঞ্জন দৈমাৰী গোটৰ ডেজিগনেটেড শিৱিৰত এনডিএফবি (আৰ) এনডিএফবি (এছ) আৰু এনডিএফবি (ডি) গোট একত্ৰিত হৈ সংগঠনটোৰ পতাকা অৱতৰণ কৰি সংগঠন কেইটা আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে । সংগঠন কেইটাৰ হৈ পতাকা অৱতৰণ কৰে এনডিএফবি (ডি)ৰ সভাপতিধীৰেণ বড়ো, এনডিএফবি (এছ)ৰ সভাপতি চৌৰাইগৌৰাআৰু এনডিএফবিৰ (আৰ)ৰ সাধাৰণ সম্পাদকবি অনজালুৱে ।অনুষ্ঠানৰ মাজতে এনডিএফবিৰ (এছ)ৰ সভাপতি চৌৰাইগৌৰা আবেগিক হৈ পৰাও পৰিলক্ষিত হয় ।
ইয়াৰ মাজতে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত নেতাজনে বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ স্বাৰ্থত বিটিচিৰ পৰিষদীয় ৰাজনীতিত অংশ লোৱা কথা ঘোষণা কৰে । অনুষ্ঠানৰ উপস্থিত থাকি ধীৰেন বড়োই বড়ো জাতিৰ হকে সদায় কাম কৰি যাব বুলি উল্লেখ কৰি বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰে । আনহাতে ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত ধীৰেন বড়োক প্ৰশ্ন কৰাত বিষয়টো এৰাই চলাৰ চেষ্টা কৰে ।