ওদালগুৰি, 27 ফেব্ৰুৱাৰী: ওদালগুৰি জিলাৰ দৈফাঙত সংঘটিত হোৱা এনকাউন্টাৰৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া (Police encounter in Udalguri) ৷ যোৱা 24 ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই এনকাউন্টাৰৰ ঘটনাত কেনাৰাম নামৰ এটা দুৰ্ধৰ্ষ ডকাইত নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল (Assam police encounter)৷ এই ঘটনাত আৰক্ষী উপ-পৰিদৰ্শক হীৰাজ্যোতি পেগু আৰু কনিষ্টবল সুকুমাৰ বৰ্মনো ডকাইতৰ গুলীত আঘাতপ্ৰাপ্ত হয় ৷ কিন্তু দিনে দিনে এই ঘটনাই অন্য মোৰ লোৱা পৰিলক্ষিত হয় ৷
এনকাউন্টাৰত নিহত হোৱা লোকজন সঁচাকৈয়ে ডকাইত কেনাৰাম আছিল নে ? নে তেওঁ আছিল কোনো অন্য ব্যক্তি ? ইয়াকে লৈ এতিয়া দোধোৰ-মোধোৰত পৰিছে আৰক্ষীও ৷ কিয়নো ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন ব্যক্তিৰ পৰিয়ালে দাবী কৰা মতে, আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা লোকজন নাছিল কেনাৰাম বড়ো ৷ তেওঁ আছিল ডিম্বেশ্বৰ মুছাহাৰী ৷
পাঁচ নৈৰ পাৰত পুতি থোৱা মৃতদেহটো খান্দি উলিয়াই পুনৰ পৰীক্ষা কৰাৰ দাবী তোলে ডিম্বেশ্বৰ বড়োৰ পৰিয়ালে (Confusion in Rowta Police Encounter case) ৷ কেনাৰাম বড়োৰ পৰিয়ালেও দাবী কৰিছে যে, সেই মৃতদেহটো কেনাৰামৰে আছিল ৷ অৱশ্যে যদি চিনাক্তকৰণত ভুল হৈছে, তেন্তে মৃতদেহ চমজাই দিয়াত আপত্তি নাই বুলিও কেনাৰামৰ পৰিয়ালে সদৰী কৰে ৷
শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য ৷ সোমবাৰে আৰক্ষী, প্ৰশাসনিক বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হয় পাঁচ নৈৰ পাৰত পুতি থোৱা মৃতদেহটো ৷ সেই সময়ত কেনাৰাম আৰু ডিম্বেশ্বৰ দুয়োৰে পৰিয়ালৰ লোকো সেই স্থানত উপস্থিত আছিল ৷ ডিম্বেশ্বৰ মুছাহাৰীৰ ককায়েকে সেই মৃতদেহটো ডিম্বেশ্বৰৰ বুলি চিনাক্ত কৰা ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷