অসম

assam

By

Published : Mar 20, 2020, 11:47 PM IST

ETV Bharat / state

ওৰাঙত সাংসদ নৱ শৰনীয়াৰ সংবাদ মেল

ওদালগুৰি জিলাৰ গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিওগৰাকী প্ৰাৰ্থীক লগত লৈ সংবাদমেল সম্বোধন সাংসদ নৱ শৰনীয়াৰ ৷ উক্ত সংবাদমেলত সাংসদ গৰাকীয়ে বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ অবিহনে কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে ৷

MP Naba Saraniya Press Meet
ওৰাঙত সাংসদ নৱ শৰনীয়াৰ সংবাদ মেল

ওদালগুৰি, 20 মাৰ্চঃবিটিচি নিৰ্বাচনৰ প্ৰসংগত ওৰাঙত সাংসদ নৱ শৰনীয়াৰ সংবাদ মেল ৷ উক্ত সংবাদমেলত সাংসদ গৰাকীয়ে বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টী অবিহনে কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে ৷ এইবাৰ বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীয়ে ৩০-৩২ খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰে সাংসদ নৱ শৰণীয়াই ৷ ওদালগুৰি জিলাৰ গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিওগৰাকী প্ৰাৰ্থীক লগত লৈ উক্ত সংবাদমেলখন সম্বোধন কৰে সাংসদ গৰাকীয়ে ৷

ওৰাঙত সাংসদ নৱ শৰনীয়াৰ সংবাদ মেল

ইয়াৰ উপৰিও অহা 22 মাৰ্চত প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ কাৰ্ফিউক সমৰ্থন জনাই সকলো লোককে সেই দিনটোত ঘৰতে থকাৰ বাবে আহ্বান জনায় নৱ শৰণীয়াই ৷ আনহাতে,নিৰ্বাচনৰ বিটিচিত অবৈধ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ লগতে খাইৰুল হত্যা কাণ্ডক লৈ সংকিত হৈ পৰা বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে ৷ ওদালগুৰিৰ খাইৰুল হুকৰ হত্যা কাণ্ড এটা ৰাজনৈতিক হত্যা কাণ্ড আখ্যা দি দোষীক কৰায়ক্ত কৰিবলৈ দাবী জনায় সাংসদ নৱ শৰণীয়াই ৷

লগতে পঢ়ক- ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত

ABOUT THE AUTHOR

...view details