ৰৌতা, 5 মে':২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিপিএফ দলৰ নৱ-নিৰ্বাচিত বিধায়ক দুৰ্গা দাস বড়োই বুধবাৰে প্ৰথমবাৰৰ বাবে সমষ্টিটোত উপস্থিত হয় । সমষ্টিটোত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী তথা সমৰ্থক সকলে সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিধায়ক দুৰ্গা দাস বড়োক ৷
কলাইগাঁও বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী দুৰ্গা দাস বড়োক সম্বৰ্ধনা
কলাইগাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দুৰ্গা দাস বড়োক সম্বৰ্ধনা ৰাইজৰ। জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ সমষ্টিটোত সম উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক দুৰ্গা দাস বড়োই ৷
কলাইগাঁও বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী দুৰ্গা দাস বড়োক সম্বৰ্ধনা
উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিপিএফ দলৰ বহু জ্যেষ্ঠ নেতা সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷ ইফালে সম্বৰ্ধনা অনুষ্ঠানত সমষ্টিটোৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ সামগ্ৰীকভাৱে উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক দুৰ্গাদাস বড়োৱে । লগতে 2021 বৰ্ষৰ বিধান সভা নিৰ্বাচনত দুৰ্গাদাস বড়োক জয়যুক্ত কৰাৰ বাবে সকলো ৰাইজকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক দুৰ্গা দাস বড়োই ৷