অসম

assam

ETV Bharat / state

উপাৰ্জনহীন হোৱাৰ পথত ৰাজ্যৰ লক্ষাধিক মহিলা - অসম মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী

বহিঃৰাজ্যৰ বেচৰকাৰী সংস্থাৰ হাতলৈ চৰকাৰী আঁচনি

উপাৰ্জনহীন হোৱাৰ পথত ৰাজ্যৰ লক্ষাধিক মহিলা

By

Published : Mar 14, 2019, 9:04 PM IST

ওদালগুৰি, 14 মাৰ্চ - মধ্যাহ্ন ভোজনৰ চৰকাৰী আঁচনিক বেচৰকাৰী সংস্থাক গতাই দিব বিচৰা চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা ৷ প্ৰায় এক লক্ষ মহিলাৰ জীৱনৰ লগত চৰকাৰে হেতালি খেলা বুলি অভিযোগ ৰন্ধন কৰ্মীসকলৰ ৷

উপাৰ্জনহীন হোৱাৰ পথত ৰাজ্যৰ লক্ষাধিক মহিলা

বৃহস্পতিবাৰে ওদালগুৰিৰ খৈৰাবাৰীত মধ্যাহ্ন ভোজন আঁচনি স্বেচ্ছাসেৱী সংগঠনক গতাই দিয়াৰ বাবে চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থা ৷ চৰকাৰে এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত লক্ষাধিক মহিলাৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিব বুলিও প্ৰকাশ কৰে প্ৰতিবাদী মহিলাসকলে ৷ চৰকাৰখনে এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত বিভিন্ন উপায়েৰে প্ৰতিবাদ সাব্যস্ত ৰাখিব বুলিও তেওঁলোকে মন্তব্য আগবঢ়াই ৷ মধ্যাহ্ন ভোজন আঁচনি স্বেচ্ছাসেৱী সংগঠনক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, ৰন্ধন কৰ্মীক বাৰ মাহে পাৰিশ্ৰমিক দিয়া, ৰন্ধনকৰ্মীৰ মাননি ন হাজাৰ টকাকৈ বৃদ্ধি কৰা, ৰন্ধনকৰ্মীৰ পেন্সন, চিকিৎসা সাহাৰ্য্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা আদি শ্ল'গানেৰে প্ৰতিবাদমুখৰ হৈ উঠে প্ৰতিবাদকাৰীসকল ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদী সকলে খৈৰাবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details