অসম

assam

ETV Bharat / state

তেজপুৰত আটক ৰৌতাৰ ট্ৰাক হাইজেক ঘটনাৰ মাষ্টাৰ মাইণ্ড - etv bharat assam

15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা হ'লেই ট্ৰাক হাইজেক কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা চহৰ আলি অৱশেষত জালত পৰিল ৰৌতা আৰক্ষীৰ ।

তেজপুৰত আটক ৰৌতাৰ ট্ৰাক হাইজেক ঘটনাৰ মাষ্টাৰ মাইণ্ড

By

Published : Mar 27, 2019, 6:00 AM IST

ওদালগুৰি,26 মাৰ্চ : ৰৌতাৰ ট্ৰাক হাইজেক ঘটনাৰ অভিযুক্ত চহৰ আলিক আটক ৰৌতা আৰক্ষীৰ ৷ মঙলবাৰে ৰৌতা আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই তেজপুৰৰ পৰা আটক কৰে চহৰ আলিক ৷

তেজপুৰত আটক ৰৌতাৰ ট্ৰাক হাইজেক ঘটনাৰ মাষ্টাৰ মাইণ্ড

15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা হ'লেই ট্ৰাক হাইজেক কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা চহৰ আলি অৱশেষত জালত পৰিল ৰৌতা আৰক্ষীৰ । উল্লেখ্য যে, 16 মাৰ্চত ৰৌতা থানাৰ অন্তৰ্গত লাইলংপাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ট্ৰাক হাইজেকৰ ঘটনা । পাচীঘাটৰ পৰা শিলিগুৰিলৈ গৈ থকা 12 চকীয়া এ এছ-22-চি-5806 নম্বৰৰ ট্ৰাকখনক মাজ বাটতে এ এছ-13-জে- 7931 নম্বৰৰ এখন ছুইফ গাড়ীয়ে আগ ভেঁটি ধৰি চৰকাৰী বিষয়া বুলি চিনাকি দি তালাচী চলোৱাৰ চলেৰে থানালৈ লৈ যোৱাৰ অজুহাততট্ৰাকৰ কৰ্মচাৰী কেইজনক বন্দুক দেখুৱাই হাইজেক কৰিছিল ট্ৰাকখন ।

এই সন্দৰ্ভত ট্ৰাকখনৰ ড্ৰাইভাৰ ফিৰোজ খানে ৰৌতা আৰক্ষী থানাত খবৰ দিয়াত 24 ঘণ্টাৰ ভিতৰতে অভিযান চলাই দলগাঁৱৰ পৰা ঘটনাত ব্যৱহৃত গাড়ীখনৰ লগতে অভিযুক্ত মকচেদ আলিক আটক কৰে ৰৌতা আৰক্ষীয়ে । তাৰপাচতেই মকচেদ আলিৰ সহায়ত ঘটনাৰ মাষ্টাৰ মাইণ্ড চহৰ আলিৰ লগতে ৰঙিয়াৰ পৰা হাইজেক হোৱা ট্ৰাকখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । জানিব পৰা মতে, গাড়ী হাইজেক কৰি পূৰ্বেও দুবাৰকৈ জেলৰ ভাত খাব লগা হৈছিল চহৰ আলিয়ে ।


ABOUT THE AUTHOR

...view details