গুদালগুৰি, 20 ছেপ্তেম্বৰ :ওদালগুৰি জিলাৰ শুকলাইত দেওবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই বিভিন্ন দাৱীৰ সমৰ্থনত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । আদবাসী সকল দীৰ্ঘদিন ধৰি চৰকাৰৰ পৰা অবহেলিত হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থকাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে 7 দফীয়া দাবীৰে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।
ইফালে, সংগঠনটোৰ দাবী অনুসৰি, বিধানসভা নিৰ্বাচনৰ আগত যদি সমস্যা সমূহক বিজেপি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেন্তে নিৰ্বাচনত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।