ওদালগুৰি, 14 মাৰ্চ: সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত নিখিল বড়োৰ সমৰ্থন লৈ ইউপিপিএল দলে বিটিচি পৰিষদ গঠনৰ বাবে অব্যাহত ৰাখিছে ৰাজনৈতিক কুচকাৱাজ ৷ ঠিক একে সময়তে বিটিচিৰ শাসনত থকা বিপিএফ দলে আকৌ এবাৰ শাসনলৈ আহিবৰ বাবে চলাইছে জোৰদাৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । শনিবাৰে ওদালগুৰি জিলাৰ আম্বাগাওঁত ওদালগুৰি আৰু ভেৰগাওঁ বিপিএফ যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত হয় এখন বিশাল গণ সমাবেশ ৷ য'ত বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী ৰণডংকা বজাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলক তীব্ৰ সমালোচনা কৰাৰ লগতে অগপ আৰু বিজেপিৰ সমৰ্থনত বিপিএফ আকৌ শাসনত অহাটো নিশ্চিত বুলি দাবী কৰে । লগতে বিটিআৰ হোৱাৰ পিছত এবছু আৰু ইউপিপিএলে অজনজাতিলোকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰাৰো অভিযোগ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।
উল্লেখ্য যে, ইউপিপিএলে চিৰাঙত বঙালী সম্প্ৰদায়ৰ মাটি বেদখলৰ চেষ্টা কৰিছিল কিন্তু বিপিএফ শাসনলৈ আহিলে স্থায়ীভাৱে সমাধান কৰিব বিটিচিৰ অজনজাতীয় লোকৰ মাটিবাৰীৰ সমস্যা ৷ সভাত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে । আনকি প্ৰতিটো জনগোষ্ঠীৰ বাবে পৃথকে পৃথকে উন্নয়ন পৰিষদ গঠন কৰি সম উন্নয়নৰ সুযোগ দিয়াৰো ঘোষণা হাগ্ৰামা মহিলাৰীৰ ।