ওদালগুৰি 25 এ্প্ৰিলঃ শনিবাৰে ওদালগুৰি চহৰত মাক্স পৰিধান নকৰাকৈ ওলাই অহা লোকসকলক ৰাজপথত মাক্স বিতৰণ কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। প্ৰশাসনে জনসাধাৰণক বাহিৰলৈ ওলাই যাওতে মাক্স পিন্ধি যোৱাটো বাধ্যতামূলক কৰিছে যদিও এতিয়াও একাংশ লোকে মাক্স পৰিধান নকৰাকৈ অহা যোৱা কৰি আছে । শনিবাৰে ওদালগুৰি চহৰত মাক্স পৰিধান নকৰাকৈ ওলাই অহা এনে লোক সকলক মাক্স বিতৰণ কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।
ওদালগুৰিত মাক্স বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ - mask distributaion udalguri
লক ডাউন মানি চলিবলৈ ৰাইজক আহ্বান মন্ত্ৰী ৰিহণ দৈমাৰীৰ লগতে ওদালগুৰি জিলা প্ৰশাসনৰ ৷
![ওদালগুৰিত মাক্স বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ mask distributaion udalguri minister rihon doimari udalguri sp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6937298-866-6937298-1587814561418.jpg)
মন্ত্ৰীজনে ওদালগুৰি ৰাজপথত মাক্স বিতৰণ কৰি সকলোকে লক ডাউনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ৷ ওদালগুৰিৰ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া,আৰক্ষী অধীক্ষক ৰিপুল দাসৰ লগতে, কেইবাজনো শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই ৰাইজক মাক্স বিতৰণ কৰি নীতি নিৰ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনাই ।
ইপিনে আজি ওদালগুৰিৰ স্বাস্থ্য বিভাগে জিলাখনৰ আৰক্ষীসকলক পিপিই কিট ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত ওদালগুৰিৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে মন্ত্ৰী ৰিহণ দৈমাৰী,আৰক্ষী অধীক্ষক ৰিপুল দাসসহ জিলা খনৰ শীৰ্ষ আৰক্ষী বিষয়া তথা জিলাখনৰ থানা সমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলো উপস্থিত থাকে।
লগতে পঢকঃ ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত ইউনাইটেড শিখ সংস্থাৰ