ওদালগুৰি, ২৩ মাৰ্চঃ মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক উষ্ম আদৰণি দলীয় সমৰ্থকৰ ৷ সমষ্টিত উপস্থিত হৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৷
মংগলদৈত উষ্ম আদৰণি কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক - Congress Candidates
দলীয় সমৰ্থকৰ উষ্ম আদৰণিৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কলিতা

১৫ টা বছৰে বিজেপিৰ দখল থকা মঙ্গলদৈ লোকসভা সমষ্টি দখল কৰিবলৈ তৎপৰ হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷ শনিবাৰে জিলাখনৰ ওদালগুৰি, মাজবাট, পানেৰী আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ দলীয় কৰ্মীৰে মিলিত হয় কলিতাই ৷
জিলাখনত উপস্থিত হৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কলিতা । কংগ্ৰেছ প্ৰাৰ্থী জনে বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি যাব উল্লেখ কৰাৰ লগতে বিজেপি দলে বিধেয়কখন আনিলে ইয়াক প্ৰতিহত কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিৰোধী গণতান্ত্ৰিক শক্তি একত্ৰিত হোৱা বুলি কোৱাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত ইয়াৰ বহি প্ৰকাশ হ'ব বুলিও মন্তব্য কৰে ৷ ভুৱনেশ্বৰ কলিতাৰ সৈতে ওদালগুৰি ভ্ৰমণত নেতাগৰাকীক সংগ দিয়ে কংগ্ৰেছী নেতা দুৰ্গা দাস বড়ো, ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বসুমতাৰী, সম্পাদক নিৰ্মল পাঠকৰ লগতে বহু কেইজন নেতাই ৷