অসম

assam

ETV Bharat / state

BREAKING NEWS: তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - তামুলপুৰত হাতী মানুহৰ সংঘাত

ৰাজ্যজুৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই অহাৰ লগতে আক্ৰমণ কৰি আহত অথবা নিবত কৰিছে বহুজনক (Elephant menace in Tamulpur)। এইবাৰ বন্যহস্তীৰ আক্ৰমণত তামুলপুৰৰ ভাৰত- ভূটান সীমান্তত নিহত আন এজন লোক (Man killed in wild Elephant attack)

Man killed in wild Elephant attack in Tamulpur
তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

By

Published : Sep 8, 2022, 8:28 PM IST

Updated : Sep 8, 2022, 10:03 PM IST

তামুলপুৰ, 8 ছেপ্টম্বৰ:বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত (Man Elephant conflict in Assam) ৰাজ্যৰ বাবে কোনো নতুন কথা নহয় ৷ দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাত বৰ্তমান সময়ত চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ ৰাইজে সমুখৰ পৰা ভুগি আহিছে এই সংঘাতৰ কুফল ৷

হস্তী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনত বহু লোকৰ মৃত্যু হৈছে ৷ শেহতীয়াকৈ তামুলপুৰৰ জিলাৰ ভাৰত- ভূটান সীমান্তত গণেশগুৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক (Elephant menace in Tamulpur) ৷ নিহত লোকজন কালিপুৰৰ চেগুনবাৰীৰ বাসিন্দা নান টিমা বান্দো বুলি জানিব পৰা গৈছে (Man killed in wild Elephant attack) ৷

তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

খাদ্যৰ সংকটৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি হাতীৰ জাকটোৱে অঞ্চলটোত প্ৰায়ে ত্ৰাস সৃষ্টি কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে (Elephant menace in Tamulpur) ৷ ইয়াৰ লগতে হাতীৰ এটা বৃহৎ জাকে খেতিপথাৰৰ শষ্য অনিষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে বহু ঘৰ-দুৱাৰ (Wild elephant persecution in Tamulpur) ৷

লগতে পঢ়ক: হোজাইত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

Last Updated : Sep 8, 2022, 10:03 PM IST

ABOUT THE AUTHOR

...view details