ওদালগুৰি,২৭ ফেব্ৰুৱাৰী: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বুধবাৰে পুৱা ৪ মান বজাত ভাৰত- ভূটান সীমান্তৰ চেগুনবাৰী গাঁওত এটা প্ৰকাণ্ড হাতীয়ে প্ৰৱেশ কৰি পাউলোচ হেমব্ৰম নামৰ লোক জনৰ পাকঘৰ ভাঙে।
ওদালগুৰি চেগুনবাৰীত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ - man-animal conflict
ওদালগুৰি অব্যাহত হাতী-মানুহৰ সংঘাত
HGFH
ইয়াৰ পিছতে স্থানীয় লোকে তৎপৰতাত হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় আৰু দৈবাক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ প্ৰাণ আন আন বাসগৃহ সমূহ।
উল্লেখ যে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত প্ৰায়ে উপদ্ৰৱ চলাই হাতীয়ে। যোৱা শনিবাৰৰ নিশাও ভাৰত-ভূটান সীমান্তৰ ননাইপাৰা চাহ বাগিছাত হাতীৰ আক্ৰমণত নিহত হৈছেল এজন যুৱকৰ। কিন্তু এই সকলো বোৰ দেখিও হাতী-মানুজৰ সংঘাত ৰোধত ব্যৰ্থ হৈছে বন বিভাগ। ফলত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ভাৰত-ভূটান সীমান্তত বাস কৰা লোক সকল।