অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি আছুৰ ৰণশিঙা প্ৰতিবাদ

হোজাই
প্ৰতিবাদ

By

Published : Jan 9, 2020, 8:13 PM IST

Updated : Jan 9, 2020, 11:44 PM IST

22:40 January 09

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হোজাইত

দল-সংগঠনৰ প্ৰতিবাদ

হোজাই, 9 জানুৱাৰীঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ লগতে হোজাইতো অব্যাহত আছে প্ৰতিবাদ ৷ জিলাখনৰ লংকাস্থিত বামণগাঁওত বিভিন্ন দল-সংগঠনে বৃহস্পতিবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

নাগৰিকত্ব সংশোধনী আইন বিৰোধী যৌথ মঞ্চ লংকা,বৃহত্তৰ লংকা খিলঞ্জীয়া সমন্বয়ৰক্ষী সমিতি,লংকা আঞ্চলিক ছাত্ৰ সন্থা আদিৰ উদ্যোগত আয়োজিত প্ৰতিবাদত অংশ লয় বহুসংখ্যক ৰাইজে৷ উপস্থিত প্ৰতিবাদকাৰীসকলে গীতৰ জৰিয়তেও চৰকাৰক সমালোচনা কৰে ৷
 

21:28 January 09

শিৱসাগৰত চৰকাৰ বিৰোধী আছুৰ ৰণশিঙা

প্ৰতিবাদ সাব্যস্ত আছুৰ

শিৱসাগৰ,9জানুৱাৰীঃ শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত বৃহস্পতিবাৰে অনুষ্ঠিত হয় আছুৰ ৰণশিঙা কাৰ্যসূচী ৷ শিৱসাগৰ জিলা,মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে ঢোল,খোল,ভোঁৰতাল আদি থলুৱা বাদ্য বজাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

ইফালে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে শিল্পী,সাহিত্যিক,ছাত্ৰ-ছাত্ৰীকে আদি কৰি সহস্ৰাধিক প্ৰতিবাদী ৰাইজে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷ আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা,জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
 

19:17 January 09

হিমন্ত বিশ্ব শৰ্মাই দেশ আৰু জাতি ধ্বংস কৰাৰ ক্ষেত্ৰত ইতিহাস ৰচিলে-আছু

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰণশিঙা

ওদালগুৰি, 9 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুসহ ৩০ টা জনগোষ্ঠীয় সংগঠনে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ । বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ টংলা চহৰত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ‘ৰণশিঙা’ শীৰ্ষক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে বিভিন্ন দল-সংগঠনে ৷

প্ৰতিবাদকাৰীসকলে থলুৱা বাদ্য বজাই ‘কা বাতিল কৰক,বিজেপি হুঁচিয়াৰ,সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,আমি কা নামানো’ আদি ধ্বনিৰে উত্তাল কৰে চহৰখনৰ বাট-পথ ৷ প্ৰতিবাদত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে ৷

Last Updated : Jan 9, 2020, 11:44 PM IST

ABOUT THE AUTHOR

...view details