অসম

assam

By

Published : Mar 16, 2020, 6:01 PM IST

ETV Bharat / state

গণ সুৰক্ষা পাৰ্টীৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

গণ সুৰক্ষা দলে প্ৰকাশ কৰে দ্বিতীখন প্ৰাৰ্থীৰ তালিকা ৷ এক সংবাদমেলযোগে গণ সুৰক্ষা দলৰ হৈ ব্ৰজেন মহন্তই প্ৰকাশ কৰে এই প্ৰাৰ্থীৰ তালিকা ৷

গণ সুৰক্ষা দল
বিটিএডি নিৰ্বাচন

ওদালগুৰি, 16 মাৰ্চ : আগন্তুক বিটিএডি নিৰ্বাচনৰ বাবে গণ সুৰক্ষা পাৰ্টীয়ে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা । সংবাদমেল যোগে ঘোষণা কৰা অনুসৰি, ওদালগুৰি জিলাৰ খৈৰাবাৰী সমষ্টিত অৰুণ বড়ো, মুদৈবাৰী সমষ্টিত নৰেন ডেকা, খালিংদুৱাৰ সমষ্টিত অপ্ৰতিম বৰা, হৰিশিঙা সমষ্টিত বাপন ৰাভা, ৰৌতা সমষ্টিত বিজু সম্ভু ৰাভা আৰু পাচনৈ ছেৰফাং সমষ্টিত ৰবীন্দ্ৰ মুৰ্মুক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

গণ সুৰক্ষা পাৰ্টীৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

সোমবাৰে ওদালগুৰিৰ টংলাত সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত উপস্থিত থাকি গণ সুৰক্ষা পাৰ্টীৰ সদস্য ব্ৰজেন মহন্তই বিটিআৰ চুক্তি বিটিচি চুক্তিতকৈও ভয়াবহ বুলি মন্তব্য কৰে ৷ এই চুক্তিখনত 80 শতাংশ অনা-বড়ো লোকৰ কথা নাভাবিলে বুলিও মহন্তই মন্তব্য কৰে । সংবাদমেলত বিটিআৰ চুক্তিখনক অগণতান্ত্ৰিক, একপক্ষীয়, অসাংবিধানিক আখ্যা দিয়াৰ লগতে চুক্তিখন গণতন্ত্ৰ বিৰোধী বুলি কয় দলটোৱে ৷

আৰু পঢ়ক : বিটিচি নিৰ্বাচনঃ ধনশ্ৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা ফ্ৰেচ মোছাহাৰীৰ নাম

ABOUT THE AUTHOR

...view details