ওদালগুৰিত বজ্ৰপাত : মহিলাৰ মৃত্যু - ওদালগুৰি
নিহত উৰ্মিলা বড়ো নামৰ এগৰাকী মহিলা ৷ ঘটনাত আহত হয় আন 12 জনকৈ লোক ৷ সংকটজনক অৱস্থাত ফুলাইশ্ৰী বড়ো আৰু বিঠুৰাই বড়োক গুৱাহাটীৰ নাৰায়না হাস্পাতাললৈ প্ৰেৰণ ৷

ওদালগুৰিত বজ্ৰপাত : মহিলাৰ মৃত্যু
ওদালগুৰি, 5 জুলাই : ওদালগুৰিত বজ্ৰ পৰি মহিলাৰ মৃত্যু ৷ মৃত মহিলাগৰাকী উৰ্মিলা বড়ো ৷ ডিমাকুছিৰ ঔবাৰী খেতিপথাৰত আজি পুৱা ভুঁই ৰুই থকা সময়তে বজ্ৰ পৰি মৃত্যু হয় মহিলাগৰাকীৰ ৷ ঘটনাত আহত হয় আন 12 জনকৈ লোক ৷ আহতসকল ফুলাইশ্ৰী বড়ো,বিঠুৰাই বড়ো,লজন্তী বসুমতাৰী, মিনু বড়ো, ৰূপতী বড়ো, হাৱগ্ৰী বড়ো,গাবুলী বড়ো, অনিল বড়ো, গোলাপী বড়ো ৷ সংকটজনক অৱস্থাত ফুলাইশ্ৰী বড়ো আৰু বিঠুৰাই বড়োক গুৱাহাটীৰ নাৰায়না হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে বাকীসকলক মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
ওদালগুৰিত বজ্ৰপাত