জনজাতিকৰণৰ দাবীত সৰৱ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা - ETV BHARAT
মঙলবাৰে কোছ ৰাজবংশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তুলে ওদালগুৰিৰ ৰৌতাত অনুষ্ঠিত এখন জন জাগৰণ সভা ৷ কোঁচ ৰাজবংশী লোকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি এইবাৰৰ লোকসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে আক্ৰাছুই ।
![জনজাতিকৰণৰ দাবীত সৰৱ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2880365-276-1b314949-68c0-45a1-9b86-cf3ddcb75055.jpg)
KOCH RAJBANSHI STUDENT'S UNION'S MASS UPSURGE MEETING
ওদালগুৰি, 2 এপ্ৰিল: কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মন গোট ৷ মঙলবাৰে ওদালগুৰিৰ ৰৌতাত এখন জন জাগৰণ সভা অনুষ্ঠিত কৰি সংগঠনটোৱে ৰাজনৈতিক দল সমূহক তীব্ৰ সমালোচনা কৰে ৷
KOCH RAJBANSHI STUDENT'S UNION'S MASS UPSURGE MEETING
KOCH RAJBANSHI STUDENT'S UNION'S MASS UPSURGE MEETING
"বিজেপি - কংগ্ৰেছ হাটাও", "জনগোষ্ঠী বাচাও" আদি শ্লোগানেৰে মঙলদৈ, নগাওঁ আৰু লখিমপুৰতো জনজাগৰণ সভাৰ আয়োজন কৰা আক্ৰাছুই ৰাজনৈতিক দল সমূহে কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে৷