ওদালগুৰি, ১৮ ডিচেম্বৰ: এতিয়াও বিতৰ্কৰ ওৰ পৰা নাই বড়োভূমিত । এইবাৰ বিটিচি প্ৰশাসনে ঘোষণা কৰা এম চি এল এৰ জনগোষ্ঠীয় পৰিচয়ক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে । কেওট সম্প্ৰদায়ৰ নামত মনোনীত হোৱা এম চি এল এ প্ৰদীপ কুমাৰ বায়নৰ জনগোষ্ঠীয় পৰিচয়ক লৈ বিবাদ অব্যাহত থকাৰ মাজতে পুনৰ এখন পত্ৰযোগে তেওঁক কলিতা সম্প্ৰদায়ৰ পৰা মনোনীত প্ৰাৰ্থী বুলি উল্লেখ কৰে বিটিচি প্ৰশাসনে । ইয়াৰ পিছতে জাঙুৰ খাই উঠে কেওট জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতি ।
সংগঠনটোৱে শুকুৰবাৰে ওদালগুৰিত এখন সংবাদমেল সম্বোধন কৰি বিটিচি প্ৰশাসনৰ কাৰ্যই কেওট জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে । আনহাতে, প্ৰদীপ কুমাৰ বায়নে নিজকে কেওট হিচাপে পৰিচয় দিয়াকলৈও সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে । ইপিনে, বায়নে নিজকে কেওট বুলি পৰিচয় দিছিল । তেখেতৰ পৰিচয় স্পষ্ট হোৱাৰ পিছতো পুনৰ এক পত্ৰযোগে একেজন মানুহকে কলিতা জনগোষ্ঠীৰ বুলি উল্লেখ কৰা সন্দৰ্ভতো সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰে ।