তামুলপুৰ,১২ ছেপ্টেম্বৰ:আদিবাসী ডেকা-গাভৰুৰ নৃত্য গীতেৰে মুখৰিত ওদালগুৰি জিলাৰ ডিমাকুছি লোকেলোকাৰণ্য কৰম পূজাৰ স্থলী(Karam Puja celebrated at Dimakuchi) ৷ এটি কলি দুটি পাতৰ মাজৰ পৰা ক্ষন্তেক মনোৰঞ্জনৰ বাবে ওলাই আহিল চাহ শ্ৰমিকসকল ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ডিমাকুছি আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়াকৈ ১০ আৰু ১১চেপ্টেম্বৰত ডিমাকুছিত ২০ সংখ্যক কৰম উৎসৱ সুকলমে অনুষ্ঠিত হৈ যায় ।
পৰম্পৰা মতে আদিবাসী লোকসকলে প্ৰতিবছৰে ভাদ মাহত এই উৎসৱটো পালন কৰে ৷ কৰম উৎসৱ হ’ল এক কৃষিভিত্তিক উৎসৱ(Karam festival is an agricultural festival) ৷ পথাৰত ৰোপন কৰা কঠীয়াবোৰ যাতে ভালদৰে বাঢ়ি গৈ কৃষকে উপযুক্ত ফচল লাভ কৰিব পাৰে তাৰ বাবে এই উৎসৱৰ জৰিয়তে ভগৱানৰ ওচৰত আশীৰ্বাদ বিছাৰে ৷ কৰম উৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে কৰম ডালৰ সূতা বন্ধনি, আছাৰ পতাকা উত্তোলন,কৰম উৎসৱৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,বৃক্ষৰোপণ,বিভিন্ন খেল ধেমালি ৷ মুকলি সভা,কৰম নাচ প্ৰতিযোগিতা, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আদি ৷