ওদালগুৰি, 1 ফেব্ৰুৱাৰীঃ টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ ৷ এই সংগীত মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয় এক চাইকেল ৰেলী ৷ চাইকেল ৰেলীত উপস্থিত থাকে কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাৰ লগতে অভিনেতা পবিত্ৰ ৰাভা ৷
কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী - Kalaguru music festival
কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিন উপলক্ষে শনিবাৰে এক চাইকেল ৰেলী বাহিৰ কৰাৰ লগতে অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰ ৷
![কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5926477-275-5926477-1580578935365.jpg)
কলাগুৰু সংগীত মহোৎসৱৰ দ্বিতীয় দিনা চাইকেল ৰেলী
টংলাত কলাগুৰু সংগীত মহোৎসৱ
কলাগুৰু সংগীত মহোৎসৱৰ লগত সংগতি ৰাখিয়ে টিম হিউমেনেটিৰ উদ্যোগত অনুষ্ঠিত হয় কৰা এক ৰক্তদান শিবিৰ । উক্ত ৰক্তদান শিবিৰত অংশ গ্ৰহণ কৰে শতাধিক যুৱক-যুৱতীয়ে ।