অসম

assam

By

Published : Jan 31, 2020, 5:37 PM IST

ETV Bharat / state

বৰ্ণিল কাৰ্যসূচীৰে টংলা চহৰত কলাগুৰু সংগীত মহোৎসৱ

টংলাত কলাগুৰুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড0 সমুজ্জল ভট্টাচাৰ্যই ৷ মহোৎসৱৰ জৰিয়তে ৰাইজৰ মাজলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাৰ্তা প্ৰেৰণ কৰিলে জুবিন গাৰ্গে ৷

kalaguru festival at tangla in udalguri
কলাগুৰু সংগীত মহোৎসৱত শিল্পী সমাজৰ লগত উপস্থিত হ’ল সমুজ্জল ভট্টাচাৰ্য

ওদালগুৰি , 31 জানুৱাৰীঃ শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে টংলা চহৰত আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ ৷ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই মহোৎসৱকলৈ এতিয়া উখল মাখল হৈ পৰিছে টংলা চহৰ । বাঁহ আৰু খেৰেৰে আকৰ্ষণীয়কৈ সজাই তোলা হৈছে মহোৎসৱস্থলী । সাজি উলিওৱা হৈছে বাহৰ দলং, চাংঘৰৰ লগতে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী ৷ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে কলাগুৰুৰ বহু আপুৰুগীয়া ফটো । পোৰা গাহৰি, পোৰা মূৰ্গী আদি পৰম্পৰাগত খাদ্যৰ লগতে পৰিবেশন কৰা হৈছে পৰম্পৰাগত পানীয় ৷ বাঁহৰ কাপত অতিথি সকললৈ চাহ আগবঢোৱা হৈছে ৷ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ভূটান, ঝাৰখণ্ড, অৰুণাচল, মণিপুৰৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলক ।

কলাগুৰু সংগীত মহোৎসৱত শিল্পী সমাজৰ লগত উপস্থিত হ’ল সমুজ্জল ভট্টাচাৰ্য

উল্লেখযোগ্য যে, এই মহোৎসৱত অসমৰ কলা-সংস্কৃতিক সজাই পৰাই তোলাৰ বিশেষ প্ৰচেষ্টা হাতত লৈছে জুবিন গাৰ্গে ৷ মহোৎসৱটিৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাৰ্তা পঠাবলৈ চেষ্টা কৰিছে শিল্পীজনে ৷ মহোৎসৱৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ সভাপতি তথা বিশিষ্ট চলচিত্ৰ পৰিচালক ৰাজেশ ভূঞাই ৷ মূল তোৰণ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিনা বড়োৱে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ শোভাযাত্ৰাত জুবিন গাৰ্গ আৰু কেইবাজনো শিল্পীৰ লগতে অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জল ভট্টাচাৰ্যই ৷ শোভাযাত্ৰাৰ পাছতে টংলা চমুৱাপাৰা হাইস্কুলত নিৰ্মাণ কৰা কলাগুৰুৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷ প্ৰতিমূৰ্তী উন্মোচন কৰি আছুৰ উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লোক কৃষ্টিৰ বাবে কাম কৰা বাবে জুবিন গাৰ্গ আৰু কলাগুৰু আৰ্টিচ ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়কঃ সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details