অসম

assam

ETV Bharat / state

কলাইগাঁৱৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা - assam election

কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজা পুখুৰী প্ৰাথমিক বিদ্যালয় চৌহদত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা আৰক্ষীৰ গুলীত আহত হৈছিল তিনিজন লোক ৷ উক্ত ঘটনাত আহত হৈছিল কেইবাজনো নিৰাপত্তাৰক্ষীও ৷

inquary-on-kalaigaon-incident
কলাইগাঁৱৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

By

Published : Apr 2, 2021, 9:12 PM IST

মঙলদৈ, ২ এপ্ৰিল :ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী গৰম বতাহ ৷ ইতিমধ্যে অন্ত পৰিছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজা পুখুৰী প্ৰাথমিক বিদ্যালয় চৌহদত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷ উক্ত ঘটনাত আৰক্ষীৰ গুলীত আহত হৈছিল তিনিজন লোক ৷ উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে দৰঙৰ জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই ।

সেই অনুসৰি অতিৰিক্ত জিলা দণ্ডাধীশ পংকজ কুমাৰ ডেকাৰ দ্বাৰা হ‘বলগীয়া উক্ত ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৭ দিনৰ ভিতৰত জমা দিব লাগিব ‌বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে ।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে উক্ত বিদ্যালয়‌ চৌহদত উদ্ভৱ হোৱা এক হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে আৰক্ষীৰ গুলিত ২ জন অসামৰিক লোক গুলিবিদ্ধ হৈছিল ! লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা কেইবাগৰাকীও নিৰাপত্তাৰক্ষীও আহত হৈছিল ।

লগতে পঢ়ক: উৰিষ্যা কংগ্ৰেছৰ উপাধ্যক্ষ প্ৰদীপ মাঝিৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details