ওদালগুৰি, 10 জুলাইঃ ওদালগুৰিত আলফা (স্বাধীন) ৰ সদস্যৰ সন্দেহত এজন লোকক আটক কৰাৰ বিপৰীতে পৰিয়ালৰ লোকে এয়া ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰিছে ৷ ওদালগুৰিৰ গোপচাৰ চুবাত ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টে আটক কৰে ৰবিৰাম বড়ো নামৰ এগৰাকী লোকক ৷ সেনাৰ দলটোৱে মঙলবাৰে নিজ গৃহৰ পৰাই আটক কৰিছিল ৰবিৰাম বড়োক ৷ বড়োৰ বাসগৃহৰ ভঁৰালগৃহৰ পৰা সেনাই জব্দ কৰিছিল চীনত নিৰ্মিত এটা 2.2 পিষ্টলৰ লগতে মেগজিনসহ দুই জাঁই সজীৱ গুলী ৷
ওদালগুৰিত আলফা সন্দেহত এজনক আটকঃ অভিযোগ নাকচ পৰিয়ালৰ - EtvBharatAssam
মঙলবাৰে ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টে ওদালগুৰি জিলাৰ পৰা আটক কৰে ৰবিৰাম বড়ো নামৰ এগৰাকী লোকক ৷ সেনাৰ বিৰুদ্ধে ভুৱা আলফা সজাই সেনাই লোকজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে পৰিয়ালৰ লোকে ৷
![ওদালগুৰিত আলফা সন্দেহত এজনক আটকঃ অভিযোগ নাকচ পৰিয়ালৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3798521-136-3798521-1562749603049.jpg)
ৰাজ্যত পুনৰ সেনাৰ নিৰ্যাতনৰ বলি সাধাৰণ জনতা
ৰাজ্যত পুনৰ সেনাৰ নিৰ্যাতনৰ বলি সাধাৰণ জনতা
ইপিনে সেনাৰ গোৰ্খা ৰেজিমেন্টৰ মেজৰ ৰাম বাহাদুৰ থাপাই বড়োৰ বিৰুদ্ধে এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰবিৰাম বড়ো কোনোপধ্যেই আলফাৰ সদস্য নহয় বুলি কয় পৰিয়ালৰ লোকে ৷