অসম

assam

ETV Bharat / state

ওদালগুৰিৰ মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ - ৷ অসম অৰুণাচল সীমান্ত

ওদালগুৰিত বন বিভাগৰ সাফল্য ৷ অসম অৰুণাচল সীমান্তৰ মাজবাটৰ পৰা জব্দ কৰে অবৈধ কাঠ সহ এখন ট্ৰেক্টৰ ৷

ওদালগুৰিৰ মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ

By

Published : Apr 5, 2019, 8:54 PM IST

Updated : Apr 5, 2019, 11:10 PM IST

ওদালগুৰি, 5 এপ্ৰিল :মাজবাট বন বিভাগে বৃহস্পতিবাৰে অসম অৰুণাচল সীমান্তৰ মাজবাটৰ চিকাৰী ডাঙাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ কাঠ ভৰ্তি এখন ট্ৰেক্টৰ ।

ওদালগুৰিৰ মাজবাটত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ

বৃহস্পতিবাৰে নিশা বন বিভাগৰ তহলদাৰী দল এটাই সীমান্তৰ অঞ্চলটোত তহল দি থকা অৱস্থাত এখন নম্বৰপ্লেট বিহীন কাঠ ভৰ্তি টেক্টৰ প্ৰত্যক্ষ কৰে । বন বিভাগৰ দলটোক প্ৰত্যক্ষ কৰিয়ে চালক জনে পলায়ণ কৰে । পিচত বন বিভাগৰ দলটোৱে টেক্টৰখন জব্দ কৰি মাজবাট বন বিভাগৰ কাৰ্যালয় লৈ আনে । জব্দ হোৱা কাঠ খিনিৰ পৰিমাণ হ’ব প্ৰায় ১৪০ কে বি ৷ ইয়াৰ বজাৰ মূল্য ডেৰ লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে ।

অবৈধ কাঠখিনি ধনশ্ৰী বন সংমণ্ডলৰ ননাই নদীৰে আনিছিল বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য যে, পূৰ্বেও বন বিভাগে অভিযান চলাই জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷


Last Updated : Apr 5, 2019, 11:10 PM IST

ABOUT THE AUTHOR

...view details