তামুলপুৰ, 3 জুন : গোৰেশ্বৰৰ ঔগুৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড(Murder case in Tamulpur) ৷ পত্নীক হত্যা কৰি স্বামীয়ে আত্মহত্যা কৰাৰ সন্দেহ (Tragic incident in Tamulpur) ৷ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ঔগুৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ তথা সন্দেহজনক হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা(Husband commits suicide by killed his wife) ।
গোৰেশ্বৰৰ ঔগুৰীৰ হাহদগ্ৰা চুবুৰীৰ যোগেশ্বৰ বড়োৱে (৩০) পত্নী অঞ্জু বড়োক(২৭) হত্যা কৰি নিজেও চিপ লৈ কৰিলে আত্মহত্যা ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ২ বজাত দুয়োগৰাকী স্বামী স্ত্ৰীৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হোৱাৰ ফলত প্ৰথমে স্বামী যোগেশ্বৰ বড়োৱে নিজ পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ । ইয়াৰ পিছতে পত্নীক হত্যা কৰি স্বামীয়েও নিজে চিপজৰী লৈ আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷