অসম

assam

ETV Bharat / state

আকৌ হাতী-মানুহৰ সংঘাত : নিহত এজন - হাতী - মানুহৰ সংঘাত

ৰাজ্যত অব্যাহত থকা হাতী-মানুহৰ সংঘাতে পুনৰ প্ৰাণ কাঢ়ি নিলে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিত্ৰ ৰঞ্জন দৈমাৰী (৫৫) নামৰ লোকজনৰ । পুৱা খেতি পথাৰত ব্যস্ত থকাৰ সময়তে পিছফালৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয় লোকজন ।

অব্যাহত হাতী - মানুহৰ সংঘাত : নিহত এজন

By

Published : May 17, 2019, 2:12 PM IST

ওদালগুৰি, ১৭ মে': ওদালগুৰি জিলাৰ ভাৰত - ভূটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বুধবাৰে পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হৰিশিঙা থানাৰ অন্তৰ্গত ১ নং আমজুলিৰ চিত্ৰ ৰঞ্জন দৈমাৰী (৫৫) নামৰ এজন লোকৰ মৃত্যু হয় । তথ্য অনুসৰি, পুৱা দৈমাৰীয়ে নিজৰ জলকীয়াৰ খেতিত কাম কৰি থকাৰ সময়তে পিছফালৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় লোকজনে ।

অব্যাহত হাতী - মানুহৰ সংঘাত : নিহত এজন

পিছত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, জিলা খনত বিগত কেইটামান বছৰৰ পৰা হাতী - মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ ।

ABOUT THE AUTHOR

...view details