তামুলপুৰ, 8 আগষ্ট:দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে (75th years of Independence of India) দেশজুৰি উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল (Har Ghar Tiranga Abhiyan) ।
এই আহ্বানমৰ্মে ‘হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে গোৰেশ্বৰত আৰক্ষীয়ে সোমবাৰে অঞ্চলটোৰ বিভিন্ন সংগঠন আৰু কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত গোৰেশ্বৰৰ মাজেৰে হাতে হাতে ত্ৰিৰংগা লৈ এক বিশাল সজাগতামূলক শোভাযাত্ৰা উলিয়ায় (Har Ghar Tiranga march by Goreswar police) ৷ এই কাৰ্যসূচী উদ্বোধন কৰে তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই ৷