ওদালগুৰি, 22 ফেব্ৰুৱাৰীঃওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত 2নং গৰুৱাঝাৰত যোৱা নিশা হত্যা কৰা হৈছিল স্থানীয় ব্যৱসায়ী খাইৰুল হকক৷ কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি যায় ব্যৱসায়ীজনক ৷ এই হতাকাণ্ডৰ পাচতেই শনিবাৰে খাইৰুল হকৰ ঘৰত উপস্থিত হয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । এই সমগ্ৰ ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি এই ঘটনাৰ আৰত সাংসদ নৱ শৰণীয়া মানুহ আছে বুলি বিস্ফোৰক মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ জানিব পৰা মতে, মৃত খাইৰুল হক বিপিএফৰ এজন কৰ্মী আছিল ৷
বিটিচি প্ৰধানগৰাকীয়ে কয়, এনডিএফবিয়ে BTR চুক্তি দিনাই সকলো অস্ত্ৰ দি দিলে । এতিয়া বিটিচিত বড়ো সংগঠনৰ লগত অস্ত্ৰ নাই । এতিয়া কেৱল অস্ত্ৰ আছে ছিচ ফায়াৰত থকা নৱ (হিৰা) শৰণীয়াৰ মানুহৰ হাতত । এই ঘটনাত হিৰা শৰণীয়াৰ মানুহে জড়িত আছে ।