অসম

assam

By

Published : Sep 11, 2019, 8:41 PM IST

Updated : Sep 11, 2019, 8:46 PM IST

ETV Bharat / state

হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে 'HERO' : হাগ্ৰামা মহিলাৰী

সাংসদ হীৰা শৰণীয়াক সংবাদ মাধ্যমৰ হিৰʼ আখ্যা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । ওদালগুৰিৰ ৰৌতাত বিভিন্ন দল সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত এনেদৰে মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে। লগতে ধীৰেন বড়োৱে পৃথক বড়োলেণ্ডৰ দাবী প্ৰত্যাহাৰ কৰা বুলি জনালে হাগ্ৰামাই ।

হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে 'HERO' : হাগ্ৰামা মহিলাৰী

ওদালগুৰি, 11 চেপ্তেম্বৰঃ বুধবাৰে ওদালগুৰিৰ ৰৌতাত কেবাগৰাকীও বিটিচিৰ কাৰ্যবাহী সদস্যক লগত লৈ কেবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় হাগ্ৰামা মহিলাৰী । মহিলাৰীয়ে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত NDFB (প্ৰ)ৰ সভাপতি ধীৰেন বড়োৱে সুকীয়া বড়ো ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব বুলি মন্তব্য কৰে ৷ তৰোপৰি সাংসদ হীৰা শৰণীয়া সন্দৰ্ভত হাগ্ৰামাই কয়, হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে হিৰ' ৷

হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে 'HERO' : হাগ্ৰামা মহিলাৰী

উল্লেখ্য যে, ২০২০ চনত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিপিএফ দল একপ্ৰকাৰ শংকিত হৈ পৰিছে । ইতিমধ্যে অনা বড়ো লোকক সংগঠিত কৰি সাংসদ নৱ শৰণীয়াই বিটিচিৰ বিভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰিছে ।

Last Updated : Sep 11, 2019, 8:46 PM IST

ABOUT THE AUTHOR

...view details