ৰৌতা, ৬ ডিচেম্বৰ:"বিটিচিত চৰকাৰ আছেনে নাই কোনেও কব নোৱাৰে ! প্ৰমোদ বড়োৰ চৰকাৰে ৰাইজৰ সমস্যাসমূহ শুনিবলৈ চেষ্টা নকৰে ৷ ৰাইজৰ লগত থাকি তেখেতসকলে কাম কৰিবলৈ চেষ্টা নকৰে ৷ বিভিন্ন ধৰণৰ প্ৰকল্পৰ কথা কৈ ডাঙৰ ডাঙৰ ভাষণ দিয়ে ৷ কিন্তু ৰাইজৰ কি সমস্যা হৈ আছে সেইটো বুজিবলৈ চেষ্টা নকৰে ৷
প্ৰমোদ বড়ো চৰকাৰে নামমাত্ৰহে আঁচনি ঘোষণা কৰে ৷ বাস্তৱিকতে আজিলৈকে এটাও কাম দেখিবলৈ পোৱা নাই ৷ তেখেতসকলে 2022-23 ৰ বাজেটত আৱণ্টন হোৱা ধনৰ এটকাও আজিলৈ খৰচ কৰি পোৱা নাই ৷ য’ত সমস্যা নাই তেখেতসকলে তাত কাম কৰিবলৈ বিচাৰি থাকে ৷" বিটিচি চৰকাৰক (BTC Govt) ক্ষুৰধাৰ সমালোচনা বিপিএফৰ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰীৰ (Fresh Mushahary Slams BTC govt)৷
২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটৰ অধিকাংশ ধন এতিয়ালৈ খৰচ কৰিব পৰা নাই বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে মুছাহাৰীয়ে (Fresh Mushahary Slams BTC govt at Routa) ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিৰুদ্ধে এইদৰে সমালোচনাত মুখৰ হৈ পৰে ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰী (MCLA Fresh Mushahary)৷