ওদালগুৰি, 7 জুনঃ ওদালগুৰি জিলাৰ ওৰাঙৰ টিচাৰ্ছ কলনিৰ ছাত্ৰী প্ৰগতি প্ৰধান, শতাব্দী কশ্যপ, বন্দিতা দাস আৰু দীপশিখা শৰ্মাই তেওঁলোকে নিজে প্ৰতিষ্ঠা কৰা প্ৰশাদিপ্তা নামৰ গোটটোৰ জৰিয়তে, নিজৰ সাঁচতীয়া ধনৰ লগতে অঞ্চলটোৰ বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰি পোৱা ১০ হাজাৰ ১০ টকা মন্ত্ৰী ৰিহণ দৈমাৰীৰ জৰিয়তে অসম চৰকাৰলৈ আগবঢ়ায় ৷ কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰলৈ তেওঁলোকে সাধ্যানুসৰি প্ৰদান কৰে এই অনুদান ৷
কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ অনুদান ওৰাঙৰ চাৰি ছাত্ৰীৰ - ওদালগুৰি সমষ্টিৰ বিধায়ক
কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে অসম চৰকাৰক সহায়ৰ হাত আগবঢ়ালে ওদালগুৰি জিলাৰ ওৰাঙৰ টিচাৰ্ছ কলনিৰ 4 গৰাকী ছাত্ৰীয়ে ৷ ৰাজ্যিক মন্ত্ৰী ৰিহণ দৈমাৰীৰ জৰিয়তে ছাত্ৰী কেইগৰাকীয়ে অসম চৰকাৰলৈ আগবঢ়ালে এই অনুদান ৷
![কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ অনুদান ওৰাঙৰ চাৰি ছাত্ৰীৰ four student from orang donated money to assam govt. to fight against corona virus](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7513394-807-7513394-1591517734220.jpg)
four student from orang donated money to assam govt. to fight against corona virus
কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ অনুদান ওৰাঙৰ চাৰি ছাত্ৰীৰ
ওদালগুৰি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ছাত্ৰী কেইগৰাকীৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰাৰ লগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে ৷
লগতে পঢ়কঃউন্নত চিকিৎসা হ'ব ডব্লিউ দাৰ : বাতৰি প্ৰকাশৰ পাচতে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহাৰ্য