অসম

assam

ETV Bharat / state

"বহাগত পাতক বিয়া" - ৰিহণ দৈমাৰী

কোনজন মন্ত্ৰীয়ে দিলে এনে বিধান ?

"বহাগত পাতক বিয়া"

By

Published : Mar 4, 2019, 9:29 PM IST


ওদালগুৰি,৪ মাৰ্চ: আপুনি বাৰু বিয়াবাৰুৰ কথা চিন্তা কৰিছে নেকি? যদি কৰিছে, তেন্তে অলপ ৰৈ দিয়ক অথবা পিচুৱাই দিয়ক আপোনাৰ বিয়াৰ তাৰিখ । বহাগত পাতক বিয়া ।
এয়া আমাৰ কথা নহয় । এই পৰামৰ্শ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰ । পাচে, কোনজন মন্ত্ৰীয়ে আৰু কিয় দিলে এনে পৰামৰ্শ ?

"বহাগত পাতক বিয়া"

এই পৰামৰ্শ দিয়া মন্ত্ৰীগৰাকী হৈছে ৰিহণ দৈমাৰী আৰু পৰামৰ্শৰ কাৰণ হৈছে অসম চৰকাৰে শেহতীয়াকৈ বাজেটত ঘোষণা কৰা অৰুন্ধতী আঁচনি । এই আঁচনিৰ জড়িয়তে দুখীয়া পৰিয়ালৰ কইনাই বিবাহৰ বাবে অসম চৰকাৰৰ পৰা লাভ কৰিব ১ তোলাকৈ সোণ । কিন্তু বাজেটৰ নিয়ম অনুসৰি , অহা এপ্ৰিল মাহৰ পৰাহে প্ৰযোজ্য হ'ব এই আঁচনি । যাৰ বাবে এপ্ৰিলৰ পূৰ্বে বিবাহ হোৱা কইনাই লাভ নকৰিব এই আঁচনিৰ অধীনত সোণ । সেয়েহে দলঙৰ আধাৰশিলা স্থাপন কৰিব আহি মন্ত্ৰীজনে সোণ লাভ কৰাৰ স্বাৰ্থত এই পৰামৰ্শ আগবঢ়াইছে ৰাইজক ।

উল্লেখ্য যে, আজি চন্দনা আৰু কাৰদঙা নদীৰ ওপৰত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কাবিৰালী আৰু কাদমতলাত উপস্থিত হয় মন্ত্ৰী ৰিহণ দৈমাৰী । স্বাধীনতাৰ সত্তৰ বছৰ পাচতো পকী দলং লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল অঞ্চলটোৰ লোকসকল । যাৰ ফলত চন্দনা নদীৰ মাজেৰে কোনোমতে এখন বাহন পাৰ হোৱা শ্লুইচ গেটেৰে আহ-যাহ কৰি আছিল কাবিৰালীলৈ অহা লোকসকলে । আনহাতে কাদমতলাটো কাৰদঙা নদীৰ ওপৰত থকা বাঁহৰ দলঙখনে আছিল অঞ্চলবাসীৰ এক মাত্ৰ সাৰথি । সোমবাৰে আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো , বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰিৰ লগতে অংশ গ্ৰহণ কৰে আন বহু কেইজন বিশিষ্ট ব্যক্তিয়ে ।

ABOUT THE AUTHOR

...view details