অসম

assam

ETV Bharat / state

Ex-NDFB: পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচক সংযমী হ’বলৈ সকীয়নি প্ৰাক্তন NDFBৰ - পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচ

BTR চুক্তিৰ মধ্যস্থতাকীৰ বুলি চৰ্চিত পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰাক্তন NDFB কেডাৰ ৷ পৃথ্বীৰাজৰ শেহতীয়া কিছু মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰি তেওঁক সংযমী হ’বলৈ সকীয়নি প্ৰাক্তন NDFB সদস্যৰ ৷

Ex-NDFB
Ex-NDFB

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 4:03 PM IST

পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচক সংযমী হ’বলৈ সকীয়নি প্ৰাক্তন NDFBৰ

ৰৌতা, 20 ছেপ্টেম্বৰ: পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন NDFB কেডাৰ ৷ পৃথ্বীৰাজৰ শেহতীয়া কিছু মন্তব্যৰ বিৰুদ্ধে গৰজি উঠি ওদালগুৰিৰ ৰৌতাত এক সংবাদমেল সম্বোধন প্ৰাক্তন NDFB কেডাৰ এন ই ইছাৰা আৰু বি মুলুকছাৰ ৷ পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচ সংযমী হোৱাৰ সকীয়নি দুই কেডাৰৰ ৷

উল্লেখ্য যে, BTR শান্তি চুক্তিৰ মধ্যস্থতাকাৰী বুলি চৰ্চিত পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচে শেহতীয়াকৈ BTRৰ বন, ৰাজহ, সংখ্যালঘু উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য (EM) বিআৰ ফেৰেংগা ওৰফে ৰঞ্জিৎ বসুমতাৰীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷

বিআৰ ফেৰেংগা অপ্ৰশিক্ষিত, বেচ নম্বৰ নোহোৱা ভুৱা এনডিএফবি (NDFB) সদস্য, পৰিয়ালৰ বাবে চাউল-দালিৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যেৰেই ফেৰেংগাই NDFBত যোগদান কৰিছিল, ফেৰেংগাই ভুৱা শিক্ষাগত অৰ্হতা প্ৰদৰ্শন কৰি শিক্ষকতা কৰিছিল আদি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচে ৷

তেওঁৰ এই এনে মন্তব্যৰ পাছতেই সৰৱ হৈ পৰিছে NDFBৰ প্ৰাক্তন সদস্যসকল ৷ পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচক সংযমী হ’বলৈ সকীয়নি প্ৰদান কৰি সংবাদমেলত প্ৰাক্তন NDFB কেডাৰদ্বায়ে কয় যে পৃথ্বীৰাজ মেচৰ নাই কোনো নিজস্বতা, কোনো তৃতীয় পক্ষৰ গোলাম অথবা ব্লুটুথৰ দৰে কাম কৰি আছে ৷ পৃথ্বীৰাজে সমগ্ৰ বড়ো জাতিক অপমান আৰু ঠাট্টা কৰিছে ৷

পৃথ্বীৰাজৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ তেওঁৰ সকলো অভিযোগ ভুৱা আৰু অযৌক্তিক বুলি আখ্যা দিয়ে প্ৰাক্তন NDFB কেডাৰদ্বয়ে ৷ বিটিআৰ চৰকাৰক অস্থিৰ কৰি ৰখাৰ উদ্দেশ্যেৰেই তেওঁ এনে ভিত্তিহীন মন্তব্য কৰা বুলি অভিযোগ ৷

লগতে পঢ়ক:Atmanirbharshil Asom Abhiyan: ৰাজ্যৰ দুই লাখ নিবনুৱালৈ আগবঢ়োৱা হ'ব দুই লাখ টকাৰ আৰ্থিক অনুদান

ABOUT THE AUTHOR

...view details