ৰৌতা, 04 অক্টোবৰ: মহাষ্টমীৰ দিনটোতে ৰাজ্যৰ ৰাজনীতিত শোক ছাঁ । মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান (Former MLA Karendra Basumatary Passes Away)। সোমবাৰে বিয়লি মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ । দীৰ্ঘদিনৰ পৰা বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন বিধায়ক গৰাকী । নেতাগৰাকীৰ মৃত্যুত ৰাজনীতি জগতৰ লগতে ৰাজ্যৰ বিভিন্ন জনে কৰিছে শোক প্ৰকাশ (Former Assam MLA Karendra Basumatary passes away)।
প্ৰাক্তন বিধায়কগৰকীয়ে দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত (Karendra Basumatary was suffering from cancer) ৷ গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল যদিও সুস্থ নোহোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি সোমবাৰে বিয়লি তেখেতক ঘৰলৈ আনি থকা অৱস্থাত আদবাটতে কৰেন্দ্ৰ বসুমতাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে (Former Mazbat MLA Karendra Basumatary passes away at 71)।
প্ৰয়াত বসুমতাৰী বড়ো আন্দোলনৰ আছিল এগৰাকী অন্যতম নেতা । নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা গঠিত বড়োলেণ্ড লেজিছলেশ্বাৰ পাৰ্টিৰ জড়িয়তে সক্ৰিয় ৰাজনীতিত আত্মপ্ৰকাশ কৰিছিল এইগৰাকী নেতাই । ১৯৯১ চনত প্ৰথম বাৰৰ বাবে পানেৰী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল বসুমতাৰী । ২০০১ চনত দ্বিতীয় বাৰৰ বাবে মাজবাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাবে নিৰ্বাচিত হোৱা বসুমতাৰীয়ে ২০০৬ চনত তৃতীয় বাৰৰ বাবে পুনৰ বিধায়ক হিচাবে নিৰ্বাচিত হয় ।
ইয়াৰ পূৰ্বে ১৯৮৩ পৰা ১৯৮৬ চনলৈকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে । তেখেতে সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহন কৰাৰ পূৰ্বে বড়ো বাজাৰ হাইস্কুলত কৰিছিল শিক্ষকতাও ।