অসম

assam

ETV Bharat / state

ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন বিসংগতিপূৰ্ণ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ এদিন পিচতে ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী উত্থাপন কৰিছে সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সংন্থাই ৷ এখন বিসংগতিপূৰ্ণ এনআৰচি প্ৰস্তুত কৰি ৰাজ্যৰ খিলঞ্জীয়া ৰাইজক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ

By

Published : Sep 1, 2019, 8:21 PM IST

Updated : Sep 1, 2019, 8:34 PM IST

ওদালগুৰি, 1 ছেপ্তেম্বৰঃ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত খিলঞ্জীয়া ৰাইজক বিদেশী সজোৱাৰ গভীৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই ৷ ওদালগুৰিৰ ৰৌতাত থকা সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন বিসংগতিপূৰ্ণ বুলি উল্লেখ কৰাৰ লগতে নতুনকৈ এনআৰচিখন প্ৰস্তুত কৰিব লাগে বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ

উল্লেখ্য যে, 31 আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ওদালগুৰি জিলাৰ কেইবা সহস্ৰাধিক কোঁচ-ৰাজবংশী লোকৰ নাম বাদ পৰে ৷ ইয়াৰ পিচতেই ৰৌতাস্থিত সদৌ অসম কোঁচ-ৰাজবংশী ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অতুল বৰ্মনৰ নেতৃত্বত বহু শতাধিক লোক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও সংবাদমেল অনুষ্ঠিত কৰে ৷ এনআৰচিত বাদ পৰা লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে 120 দিন সময় দিয়াতকৈ এনআৰচি কৰ্মীসকলক গাঁৱে-গাঁৱে গৈ খিলঞ্জীয়াসকলৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ সংগঠনটোৰ উপদেষ্টা সমীৰন সিংহই এনআৰচিত কোঁচ ৰাজবংশী সকলৰ উপযুক্ত নথি প্ৰদান কৰাৰ পিচটো নাম নহাৰ তথ্য দাঙি ধৰি এই বিসংগতিৰ বাবে প্ৰতীক হাজেলাক জগৰীয়া কৰে ৷ আনহাতে সদৌ অসম কোঁচ ৰাজবংশী মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মনিকা ৰায় আৰু সম্পাদিকা দিপালী ৰাজবংশীয়ে শুদ্ধকৈ এনআৰচি প্ৰকাশ নহলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷

Last Updated : Sep 1, 2019, 8:34 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details