অসম

assam

By

Published : May 8, 2019, 7:54 PM IST

Updated : May 8, 2019, 8:35 PM IST

ETV Bharat / state

বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰা 9 জন লোকক গ্ৰেপ্তাৰ ওদালগুৰিত

বিদেশী ঘোষিত 9 জনক ডিটেনচন কেম্পলৈ প্ৰেৰণ ওদালগুৰি আৰক্ষীৰ ৷ ওদালগুৰি,টংলা আৰু খৈৰাবাৰী আৰক্ষী থানাৰ সীমান্ত শাখাৰ স্পেচিয়েল টাক্স ফৰ্ছে আটক কৰে লোককেইজনক ৷

ওদালগুৰিত 9 জন লোকক বিদেশী ঘোষণা

ওদালগুৰি,8 মেঃ ওদালগুৰিত বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰা 9 জন লোকক গ্ৰেপ্তাৰ ৷ মঙলবাৰে এই ঘোষণা লাভ কৰাৰ পাচতে ওদালগুৰি,টংলা আৰু খৈৰাবাৰী আৰক্ষী থানাৰ সীমান্ত শাখাৰ স্পেচিয়েল টাক্স ফৰ্ছে কৰায়ত্ত কৰে লোককেইজনক ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা লোক কেইজন হ'ল টংলা থানাৰ অন্তৰ্গত চমুৱাপাৰাৰ কল্পনা বিশ্বাস,বনবাসী মণ্ডল,কুকুৰাকাটাৰ স্বপন সৰকাৰ,টংলা চহৰৰ ৩নং ৱাৰ্ডৰ শিৱানী মদক,মায়াৰানী সেন ৷ ওদালগুৰি থানাৰ অন্তৰ্গত ষ্টেচন ব্লকৰ নাচিৰান বেগম আৰু ৰাচিদা বেগম,খৈৰাবাৰী থানাৰ অন্তৰ্গত ধুপগুৰিৰ নবীন বৰ্মন আৰু খৈৰাবাৰী গাঁৱৰ অজিত ভদ্ৰ ৷ বুধবাৰে বিদেশী ঘোষিত আটাইকেইজন লোককে ওদালগুৰি অসামৰিক চিকিৎসালয়ত শাৰীৰিক পৰীক্ষা কৰি তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

ওদালগুৰিত 9 জন লোকক বিদেশী ঘোষণা

আনহাতে,খৈৰাবাৰীৰ ধুপগুৰিৰ নবীন বৰ্মনক বিদেশী বুলি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্মন কছাৰী ছাত্ৰ সন্থাই ৷ জনজাতিৰ মৰ্যদা লাভ কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোক এজনো হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দুখ প্ৰকাশ কৰে সংগঠনটোৱে ৷

Last Updated : May 8, 2019, 8:35 PM IST

ABOUT THE AUTHOR

...view details