তামুলপুৰ,১৭ মে':ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি(Flood situation become critical in Assam) ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ ব্ৰহ্মপুত্ৰকে ধৰি প্ৰায়সমূহ নৈ-উপনৈ বৈছে বিপদসীমাৰ ওপৰৰে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(ASDM) ৰ তথ্য অনুসৰি, বানত ক্ষতিগ্ৰস্ত জিলা আৰু গাঁৱৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ গৈ আছে ৷
উজনিৰ প্ৰায়কেইখন জিলাৰ লগতে নামনিতো বানৰ সংহাৰী ৰূপ । বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈছে বহু অঞ্চলৰ (Flood in Assam) ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ পানীয়ে ৰাজ্যত বাৰিষাৰ প্ৰথমটো বানৰ সৃষ্টি কৰিছে (First wave Assam floods affects 6 districts) ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে তামুলপুৰতো । তামুলপুৰৰ গোৰেশ্বৰত বিপদসীমাৰ ওপৰেৰে বৈছে শুক্লাই নৈ । শুক্লাই নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ইখনৰ পাছত সিখনকৈ দলং । পুনৰ মঙলবাৰৰ দিনটোতো গোৰেশ্বৰত বানে উটুৱাই নিলে দলং । ভূটানৰ পৰা বৈ অহা শুক্লাই নদীৰ বাঢ়নী পানীয়ে ভাঙিলে গোৰেশ্বৰৰ দীঘপাৰ মাদলবাৰী সংযোগী কাঠৰ দলংখন ।