বানৰ কবলত ওদালগুৰিৰ বহু গাঁও - flash flood
টংলা চহৰলৈ যাত্ৰীবাহী গাড়ীৰ চলাচল বন্ধ থকাৰ ফলত অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে । আনহাতে বানৰ ফলত অঞ্চলটোৰে খেতি পথাৰসমূহ পানীৰে উপচি পৰাত মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে ।
ওদালগুৰি জিলাৰ ভূটান সীমান্ত অঞ্চলত বানৰ তাণ্ডৱ।
ওদালগুৰি, ১৬ জুন :ওদালগুৰিত শনিবাৰে নিশা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত জিলাখনৰ ভূটান সীমান্তৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি হয় । বানৰ ফলত জিলাখনৰ ভেৰগাঁও মহকুমাৰডিমাকুছি, ৰাজাগড়, নাওবন্ধা আৰু শুক্লাই গাঁৱত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে ।