অসম

assam

By

Published : Jun 1, 2020, 5:15 PM IST

ETV Bharat / state

টংলা কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা কিশোৰৰ পলায়ন

পলায়ন কৰা কিশোৰ জনৰ নাম জৰিফুল আলি (১৭) । হিমাচল প্ৰদেশৰ পৰা আহি টংলা কলেজত কোৱাৰেন্টাইন কেন্দ্ৰত আছিল এই কিশোৰজন ।

টংলা কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা যুৱকৰ পলায়ন
টংলা কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা যুৱকৰ পলায়ন

টংলা, 1 জুনঃ টংলা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত এজন যুৱকে পলায়ন কৰে । সোমবাৰৰ পুৱতি নিশা কোৱাৰেন্টাইন কেন্দ্ৰটোৰ পৰা পলায়ন কৰে কিশোৰজনে । কিশোৰ জনৰ নাম জৰিফুল আলি (১৭) বুলি জানিব পৰা গৈছে ।

টংলা কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা কিশোৰৰ পলায়ন

হিমাচল প্ৰদেশৰ পৰা আহি কিশোৰজনে টংলা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰৰ ১৯ নম্বৰ কোঠাত আছিল । 27 মে' ৰ পৰা কোৱাৰেন্টাইনত থকা কিশোৰজনৰ কোঠাত 30 মে'ৰ দিনা আন এগৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19।

পলাতক জৰিফুলে ঘৰৰ ঠিকনা ওদালগুৰি জিলাৰ পানেৰীত বুলি উল্লেখ কৰিছিল যদিও প্ৰকৃততে যুৱকজন বৰপেটা জিলাৰহে আছিল বুলি জানিব পৰা গৈছে ।

এই কিশোৰজনৰ COVID-19 পৰীক্ষণৰ ফলাফল এতিয়ালৈ আহি পোৱা নাই ।

সম্প্ৰতি আৰক্ষীয়ে কিশোৰজনক কৰায়ত্ত কৰিবলৈ তালাচী অব্যাহত ৰাখিছে । ঘটনাৰ পিছতে ওদালগুৰিত সৃষ্টি হৈছে আতংকৰ । ইপিনে স্থানীয় ৰাইজে মহাবিদ্যালয় খনৰ চেন্টাৰটোত কোনো ধৰণৰ ডাষ্টবিনৰ ব্যৱহাৰ নকৰাৰো অভিযোগ কৰিছে। কেন্দ্ৰটিত ব্যৱহৃত খাদ্য সামগ্ৰী কুকুৰে অঞ্চলটোত সিঁচৰিত কৰাৰ অভিযোগ একাংশ লোকৰ ।

লগতে পঢ়কঃ ৰাজ সাহাৰ্যবিহীন ৰন্ধন গেছ সহিতে বৃদ্ধি পালে বিমান টাৰবাইন ইন্ধৰ মূল্য

ABOUT THE AUTHOR

...view details