তামুলপুৰ, 15 ছেপ্টেম্বৰ:ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict in Udalguri) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে পুনৰ ওদালগুৰি জিলাৰ ২ নং উত্তৰ ডিমাকুছি গাঁৱত অঘটন সংঘটিত হয় (Man Elephant conflict at Dimakusi)। ওদালগুৰি জিলাৰ ডিমাকুছিত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী 60 বছৰীয়া ব্যক্তিৰ (Elephant killed a man at dimakusi) ৷
বৃহস্পতিবাৰে পুৱতি নিশা জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীয়ে ২ নং উত্তৰ ডিমাকুছিৰ বগৰীতলত প্ৰৱেশ কৰি প্ৰথমতে আৰ্য্য বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয় ভাঙে তাৰ পিছতে হিতেশ ডেকাৰ বাসগৃহ ভাঙি পেলায় ৷ লগে লগে পৰিয়ালটোৱে হুলস্থুল কৰাত ওচৰ চুবুৰীয়া লোকসকলে হাতীটোক খেদিবলৈ প্ৰয়াস কৰে ৷ হাতীটোৱে ধানৰ বস্তা এটা লৈ গুচি যায় যদিও পুনৰ খেদি যোৱা লোকসকললৈ চোঁচা মাৰি আহি সেই অঞ্চলৰে কুশেশ্বৰ ডেকা নামৰ এজন 60 বছৰীয়া লোকক গচকি হত্যা কৰে ৷
উল্লেখ্য যে বন্যহস্তীয়ে গাঁওখনত প্ৰৱেশ কৰাৰ মাত্ৰকে বন বিভাগক খবৰ দিয়া হৈছিল যদিও তেঁওলোকে ফোন কাটি দি চুইছ অফ কৰি দিয়ে ৷ ফলত হাতী খেদিবলৈ সময়ত উপস্থিত নহ'ল কোনো এজন বন বিভাগৰ লোক ৷ ইয়াৰ পিছতে বহু পলমকৈ বিভিন্ন অজুহাত দেখুৱাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় ৷ খালিংদুৱাৰ বনাঞ্চল ঘটনাস্থলীৰ পৰা অতি কম দূৰত্বত হোৱাৰ স্বত্বেও বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাত উত্তেজিত ৰাইজে ৰেঞ্জাৰ নেত্ৰ কমল শইকীয়াক প্ৰায় ৪৫ মিনিট সময় আৱদ্ধ কৰি জবাবদিহি কৰে ৷ ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ৰেঞ্জাৰ শইকীয়াৰ লগত অহা বাকীকেইজন বন বিভাগৰ লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷