অসম

assam

ETV Bharat / state

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি - ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

বনৰীয়া হাতী আৰু বনৰীয়া ম'হৰ উপদ্ৰৱৰ মাজতে কৃষকৰ ওপৰত মাধমাৰ বন বিভাগৰ ৷ এইবাৰ খোদ বন বিভাগৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষকৰ খেতি ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ওদালগুৰি জিলাৰ বৰছলাৰ একাংশ কৃষকে ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতীয়ে নষ্ট কৰিলে বিঘাই বিঘাই শাক-পাচলিৰ খেতি ৷

পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

By

Published : Nov 8, 2019, 2:59 AM IST

Updated : Nov 8, 2019, 8:39 AM IST

ওদালগুৰি, 7 নৱেম্বৰঃৰাজ্যত বন্যজন্তু আৰু মানুহৰ মাজত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৃষকে ৷ ওদালগুৰি জিলাৰ সমীপৰ বৰছলাৰ একাংশ কৃষকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ৷ উদ্যানখনৰ পোহনীয়া হাতীয়ে অঞ্চলটোৰ বহু বিঘা মাটিৰ শাক-পাচলিৰ লগতে ধান খেতি নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ৷

পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

বৰছলাৰ নিছলামাৰি গাঁৱত ইতিপূৰ্বেও বনৰীয়া হাতী আৰু ম'হে কৃষিভূমি নষ্ট কৰি আহিছে যদিও বেংকৰ পৰা ঋণ লৈ হ'লেও কৃষকসকলে খেতি কৰি আহিছে ৷ এনে অৱস্থাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানে নিশা হ'লেই নিজৰ পোহনীয়া অৰ্থাৎ চৰকাৰী হাতীসমূহ মুকলি কৰি দিয়ে ৷ সন্ধিয়া হ'লেই ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতীয়ে কৃষকসকলৰ খেতিত প্ৰৱেশ কৰি এফালৰ পৰা নষ্ট কৰে শাক-পাচলিকে ধৰি ধানৰ খেতি ৷ প্ৰথম অৱস্থাত এয়া বনৰীয়া হাতী আৰু ম'হৰ কাণ্ড বুলি ভাবিছিল যদিও পৰৱৰ্তী সময়ত কৃষকসকলে শিকলি লগাই থোৱা হাতী প্ৰত্যক্ষ কৰি এয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতী বুলি নিশ্চিত হয় ৷ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিচটো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে এয়া বনৰীয়া হাতীৰেই কাম বুলি দায়সৰা মন্তব্য কৰি আহিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

লগতে চাওকঃমাইক্ৰ' ফাইনেন্স কোম্পানীৰ সপক্ষে দুই শতাধিক মহিলা

Last Updated : Nov 8, 2019, 8:39 AM IST

ABOUT THE AUTHOR

...view details