দৰং, 12ছেপ্টেম্বৰ:আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক কুচ-কাৱাজ ৷ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ৰাজনৈতিক দলসমূহৰ নেতা সকলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ লগতে বিটিচি নিৰ্বাচনৰ বাবেও সমানে তৎপৰ হৈছে প্ৰতিটো দল ৷
কংগ্ৰেছ- এআইইউডিএফৰ মিত্ৰজোঁট শনিবাৰে ওদালগুৰিৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় বিটিচিৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ এখন কৰ্মী সভা ৷ এই সভাখনত উপস্থিত থাকে কংগ্ৰেছী বিধায়ক নুৰুল হুদা । ভৈৰৱকুণ্ড সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হয় এই সভা ৷
অন্য এক খবৰৰ বাবে: লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
নুৰুল হুদাই বিটিচিত চৰকাৰ গঠনত কংগ্ৰেছেই মূল ফেক্টৰ হ'ব বুলি দাবী কৰে ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰজোঁটে বিটিচিত ১৬ খন আসন লাভ কৰাৰ লগতে ২০২১ ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলিও কৰিলে দাবী ৷
ইফালে, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত নুৰুল হুদাই ক’লে, ধৰ্মনিৰপেক্ষ - সম অধিকাৰ থাকিলে কংগ্ৰেছৰ মহাজোঁটৰ দুৱাৰ আছু- যুৱ ছাত্ৰ পৰিষদ গঠিত দলৰ বাবে খোলা থাকিব বুলি উল্লেখ কৰে ৷